পৃষ্ঠা:বড় গীত.pdf/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত উত্তৰা ভাৰায৷ মোৰ পৰমা সুন্দৰী। . অকালতে বিধাতাই তোকে কৈলা বাড়ী॥ নকুল সহদেব খুড়া ৰৈলা কোন ঠাই। নেদেখিলে৷ নয়নেতে মোৰ কুন্তী আই। অভিমন্যু বীৰ কান্দে বেহুৰ ভিতৰে। বিষ্ণু নাম জপি যাই বৈকুণ্ঠেৰ পুৰে। বাপু লক্ষ্মণ হে ওৰে বাপু কোৱাগৈ ৰামত। বৰি দুঃখ পালে৷ ম‍ই অশোক বনত॥ বৈহাগোৰ মাহতে বাপু 'নিছিল৷ হৰিয়া। ইন্দ্ৰই দিল৷ পুষ্পমাল৷ ব্ৰহ্মাৰ লাগিয়া॥ জেঠবে মাহতে বাপু ছিলো তৰুতলে। মই সীতা নিদ্ৰা গৈলো লক্ষ্মণ উৰুতে। আষাঢ় মাহতে বাপু পকি সৰে আম। সেই বেলা বলো আমি ঋষিৰ আশ্ৰম॥ শাওণৰ মাহতে বাপু জল অৱতাৰ। এৰে পৰা ৰাম স্বামীক কৰিছো কাতৰ ভাদৰে মাহতে বাপু পালঙে নাই ফুল। মই অভাগিনী নাৰী নাই জাতি কুল॥ ( 52 )