পৃষ্ঠা:বড় গীত.pdf/৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্ষীৰ নুমাই আনি দধি সব নাশল্প বড় গীত। মাৱে দেখিলন্ত ভাঙ্গিয়াছে মঠনি মন্দৰ। কতনো খেৱল বল দীন মাধৱে গুণ গাই॥ শোকে বিয়াকুল জনক নন্দিনী এ তাকে৷ নজা নিলো মনে। আমাৰ কপালে যি ভৈল৷ সি ভৈল৷ মাৰি মৃগছাল পাতিলা জঞ্জাল প্ৰভু গৈলা ঘোৰ বনে॥ সীতায়ে বোলেৰে দুৰ্ব্বলা লক্ষ্মণ ৰামৰ কনিষ্ঠ ভাই। বিলম্ব নকৰি যোৱা শীঘ্ৰ কৰি প্ৰভুক ৰাক্ষসে খাই। লক্ষ্মণে বোলেৰে জনক জীয়াৰী মনে নকৰিবা ভয়। তাসম্বাক মাৰি আসিবন্ত হৰি চিত্ত থিৰ কৰা কায়। (899)