পৃষ্ঠা:বড় গীত.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত আছিলে৷ দেবৰ পুৰে জন্মিলো দেৱতাৰ বৰে পিতৃ নাম থৈলা যাজ্ঞসেনী। সহদেব ৰাখে পালে নকুল ৰৈলা ঘোড়াশালে যুধিষ্ঠিৰে খেলে পাশা শাৰি॥ যাহাৰ গদাৰ চোটে মেদিনী মেলয় ফাটে সিয়ো স্বামী হৈল৷ মোৰ সংসাৰ ৰান্ধেনী। যাহাব শঙ্খৰ ধ্বনি দেৱলোকে থাকে শুনি সিয়ো স্বামী হৈল৷ মোৰ নাৰীৰে আকাৰ॥ চন্দন পিহাওতে মোৰ দশ নখ গৈল। ক্ষয় সিয়ো চন্দন পিন্ধে সুদেষ্ণা সুন্দৰী। দ্ৰৌপদী বোলয় মোৰ ৰূপে ভৈল৷ যমকাল কাঁচকেই নেই চুলি ধৰি॥ কহয় মাধৱ বাণী শুন মাও ঠাকুৰাণী ই গীত কৰিছে কোনে দ্ৰুপদ নন্দিনী। উদ্ধৰ সখিৰে বান্ধৱ সখিৰে চ'লা যাওঁ বদৰিকাক লেগি। ঋষিব শাপে হৈলো বদ্ধৰ ভাগি॥ দাদা গৈল৷ প্ৰাণক ছাড়িয়া। হামু গোপী ৰৈব কি লাগিয়া। (.8°)