পৃষ্ঠা:বড় গীত.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কালি সৰ্পে দংশিলেক মোৰ মৰণ চাই। তাৰ হন্তে নমৰিলে৷ ৰাখিল৷ গোঁসাই॥ চক্ৰবাত অস্থৰে আকাশত নিল৷। তাৰ পৰা নমৰিলে৷ মই অভাগীয়া॥ মাও নাই বাপা নাই সঙ্গে নাই ভাই। যশোদাই মাৰে মোক নিমা খুতি পাই॥ কহয় মাধৱ দাসে ব্ৰহ্ম নৈৰাকাৰ। ভক্তৰ কাৰণে হৈল৷ গোকুলে অৱতাৰ॥ বুলি কান্দে গোপীগণ আমাক অনাথ কৰি কৈক এড়ি গৈল॥ হা কৃষ্ণ প্ৰাণধন শৰত কালৰ নিশি কৃষ্ণ বৃন্দাবনে আসি - 'গাপী সবে ক্ৰীড়িবাক লৈল৷॥ গোপীকাৰ দৰ্প হৰি গুচাইবাক মনে কৰি তাসম্বাক এড়ি তৈতে অন্তৰ্ধান ভৈলা। কৃষ্ণক নেদেখি সবে 8 কান্দে অতি দীৰ্ঘ ৰাৱে নানান থানে বিচাৰি চাহিল৷॥