পৃষ্ঠা:বড় গীত.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত এই মায়া তেজিবাব কাহাৰ শকতি। কহেতো মাধৱে সন্তত ভকতি॥ সখিহে কি মেৰি পাপৰ কোপাল। মোৰ সখিহে নেদেখিলো প্ৰাণেৰ গোপাল॥ শৰত কালৰ নিশি কৃষ্ণ সঙ্গে বনে পশি নানা সুখে বঞ্চিলে৷ ৰজনী। কৃষ্ণৰ সঙ্গক পাই যেন স্বৰ্গ সুখোদয় মোৰ প্ৰাণে হেন অনুমানি॥ প্ৰভাত হইল। যেবে হৰি এড়ি গৈল৷ তেবে কোনখানে গৈলেক নাজানি। হেন হৰি বিনে সখি প্ৰাণ মাত্ৰ আছে৷ ৰাখি নাজানো ম‍ই দেখিম কাহানি॥ কৃষ্ণৰ নেদেখি মুখ বঞ্চিত হইলো সুখ কিনো বিধি লেখিলা কপালে। দিয়া সখি অনুমতি অগ্নিত কৰোহে৷ গতি ইটো দেহ৷ নেৰাখে৷ বিফলে॥ ( ১৬ )