পৃষ্ঠা:বড় গীত.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত বিষৰ আলে বিষৰ জালে নদী বহি যায়। গৰু গোপ মৰি আছে তাহাত পানী খায়॥ উপৰে হুড়য় পখী গৰলৰ জালে। তোমাৰ পুত্ৰ যদুমণি পড়িছে কালি জলে। কালিৰ শিৰে জাম্প দিয়া নাচে যদুমণি। নাৰী সবে কৰি আছে ক্ৰন্দনৰ ধ্বনি॥ নাগ পত্নী তুতি কৰে কৃষ্ণ মোৰে প্ৰাণ। আঞ্চোল পাতিয়া মাগো দিয়া স্বামী দান॥ নাৰীৰ তুমিত তুষ্ট ভগৱন্ত হৈলা। ৰমন দ্বীপক লাগি কালিক পঠাইলা॥ কহয় মাধৱ দাসে দীন হীন মতি। জনমে জনমে হৌক কানাইতে ভকতি॥ মায়াহে গোপাল কি মতে তেজিবো মায়া। সব গৃহবাস ধনক আশে। মিছাত বজি মৰো এ মায়াৰ পাশে॥ দেখাত দেখি পাপ কৰিছে৷ নিতে। হৰি হেন ভকতিত নেদিলোঁ চিতে। গলত ধৰিয়া বাঘিনী গিলে। নাজানো পাচকালে কি গতি মিলে। ( 25 ) 9