পৃষ্ঠা:বড় গীত.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কাহাকে খুৱাইবো কাহাকে ধুৱাইবো কাহাকে শুৱাইবো খাটে। গধূলি বেলিয়া পদুলি ওলাই কাহাকে নিৰখিম বাটে॥ চালতে সুখাইলো ঐ বঙ্গ মালতী ভাড়াতে সুখাইলে৷ দৈ। দিনৰ দিন মান কৃষ্ণক ভাবিলো ভাড়াতে লয়ন্ত থ‍ই যশোদাবে মন পোড়ে ঘনে ঘন কান্দে বৃন্দাবন চায়। কৃষ্ণ পদ ধূলি শিবে লৈয়া তুলি মূৰুখ মাধৱে গাই। কমল নয়ন যাদু হে যাদু মোৰে যাদু মোৰে যাদু মোৰে হায়। দুখুনী মাওৰ চিত্ত কি দিয়৷ জুড়ায়॥ কদম গাছে উঠে কৃষ্ণ কদম ফুল তোলে। তৈব পৰা জাম্প দিয়া পড়িল কালি জলে। কালি জলে পড়ি কৃষ্ণয় কৰে লোটালোটী। জাম্প দিয়া বলভদ্ৰে ধৰিলা সাবটী॥ ( 28 )