পৃষ্ঠা:বড় গীত.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত হৃদিৰ মাজে সন্ত আছে নিচিনিলা কেৱে। হিয়াৰ মাজে চিলান কৰে ঈশ্বৰ মহাদেৱে। ইতৎ বৈকুণ্ঠ ভেদি আহে জগন্নাথ। ত্ৰিদশ কোটী দেৱগণে চপৰাইল৷ মাথ॥ ইতৎ বৈকুণ্ঠ ভেদি কহে নাৰায়ণে। শঙ্কৰৰ পাৱে ধৰি মাধৱ দেবে ভণে॥ মহেশ জায়া যোৱা দেবী বাপৰ ভৱনে নমো দুৰ্গা তোমাৰ চৰণে। নমি হৰ ত্ৰিপুৰাৰী সিংহৰ বাহনে চড়ি চলিলন্ত হৰষিত মনে॥ অস্ত্ৰ ধৰি দশ হাতে আইলা দেবী এ মহীতে নৰলোকে পূজা লভিবাৰ। ষষ্ঠীতে আহিলা দেবী তিন দিন পূজা লভি দশমীতে হইল৷ অন্তৰ॥ লক্ষ্মী সৰস্বতী সঙ্গে লৈয়া পূজা নানাৰঙ্গে বৰ দিয়া চলিলা ত্বৰিত। দ্বিজ উমানাথে ভণে সেবী চণ্ডীকাৰ চৰণে ভজা দুৰ্গা হৈয়া এক চিত্ত। (১২)