পৃষ্ঠা:বড় গীত.pdf/১৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেহি বুগে বিষ্ণু বৰ নামত ঈশ্বৰ। পৰম আৰাধ্য দেৱ আছিল লোকৰ। এক দিনা গৈল মহাদেৱৰ থানক। আসনে বসিয়া সিটো বুলিলা হৰক॥ কৃষ্ণৰ সেৱক তুমি কেৱলে ভকত। কোন জনে জানিবেক তযু গুণ যত॥ ব্ৰহ্মাতে৷ কৰিয়া আগে ভৈলাহা ভকত। কৰিলা একান্ত মতি ঈশ্বৰ কৃষ্ণত॥ কোন যুগে কৃষ্ণৰ সেৱক ভৈলা তুমি। কহিয়ো তাহাৰ ভেদ শুনি থাকো আমি | হেনশুনি মহাদেৱে দিলন্ত উত্তৰ। অল্পকৰি কহো আমি শুন। বিষ্ণুবৰ॥ শ্ৰীবিষ্ণু যুগত কৃষ্ণক আৰাধিলোঁ। সেহিকালে জানিবা ভকত আমি ভৈলো একান্ত ভকতি মোত কহিলা দঢ়াই। কৃষ্ণ বিনে দেৱতা আৱৰ নাই নাই॥ কৃষ্ণৰ প্ৰসাদে ভৈলা জন্ম চিত্তো ৰাত্ৰি দিনে আমি নিবাৰণ। কৃষ্ণৰ চৰণ হেনশুনি বিষ্ণু বৰ আনন্দিত ভৈলা। পুনৰপি আৰু কথা পুছিবাক লৈলা॥ কতেক পুৰাণ আছে কোৱা তান নাম। ভাৰ মূল জানা তুমি ভক্ত অনুপাম॥ (D)