পৃষ্ঠা:বড় গীত.pdf/১৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(86) হেন জানি হৰিব ভকতি কৰা সাৰ। দেখা দেখা কেন ভৈলা ঈশ্বৰ আমাৰ। ইসব কথাক আবে এহি মানে থৈলো। আতি অনন্তৰে কথা কহিবাক লৈলো॥ কলি যুগত কেশৰ নামে হবি। পালত লোকক ঈশ্বৰৰ আজ্ঞা কৰি শুদ্ধশত যুগত কেশৱ গোবিন্দাই। থাকে বহুদিন তেন্তে কৃষ্ণক ধিয়াই॥ এক দিনা কৃষ্ণ তাঙ্ক দেখা দিল। আসি। তান মুখ চাই পাছে তুলিলন্ত হাসি॥ হেন দেখি গোবিন্দে কৰিলা নমস্কাৰ। বোলে কোন কালে গতি হৈবেক আমাৰ॥ তযু ভকতৰ সঙ্গ কৈসানি লভিবো। একান্ত শৰণ লৈয়া কৈসানি ভজিবো হেন উপদেশ, আজি দিয়ো মোক তুমি। মাগো এহি দান প্ৰভূ ভষু পাৱে আমি। হেন শুনি পৰম পুৰুষ ভগৱন্ত। গোবিন্দ গোসাইক চাই কহিবে লৈলন্ত কলিযুগে শুদ্ধ মত শ্ৰীমন্তৰ ঘৰে। উপজিব যাই সবে সহস্ৰ ঈশ্বৰে॥ কায়স্থ কুসুম্বৰ ঘৰে আসি যাই। কহিলো তোমাত উপজিব সেহি ঠাই।