পৃষ্ঠা:বড় গীত.pdf/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(80) অন্ত্যজাতি সব হৈব ভক্তিৰ আচাৰ্য্য। ব্ৰহ্মাৰ মুখত শুনি কৈলে! হেন কাৰ্য্য॥ মানিলোঁ তোমাক শুক এহি কথা শুনি। কৰিলোঁ বিচাৰি সাৰ মনত আপুনি॥ মুৰাৰি মাধৱে শুনি উপদেশ দিলা। তেতিক্ষণে চন্দ্ৰে নিজ থানে চলি গৈলা বোলাইবেক শূদ্ৰে গুৰু কলিৰ যুগত। ধৰিবে ভকতি লোক হৈবেক ভক্ত॥ ঊণকৌটি যুগৰ উপৰে ইটো কথা। মাধৰে সহিতে চন্দ্ৰে ভৈলা ইটো কথা থাক কথা কহো আবে শুন৷ মহামতি। ব্ৰহ্মা নাৰদত হেন কহিল৷ সম্প্ৰতি নাৰদে বোলন্ত আবে শুনা পিতৃদেৰ। কোন ঈশ্বৰক তুমি নিতে কৰা সেৱ॥ কহিয়ো আমাৰ আগে চৰণত ধৰো। সংসাৰ সাগৰে আমি যেন মতে ভবো। হেন শুনি ব্ৰহ্মা নাৰদক বুলিলন্ত আছন্ত ঈশ্বৰ নাৰায়ণ ভগৱন্ত॥ তাহান চৰণ আমি আৰৰো সদায়। ভান্ত বিনে ঈশ্বৰ আৱৰ নাই নাই॥ তান নাম গুণ কোনে কহিবেক সীমা। আদি অন্ত নাহি যাৰ অদ্ভুত মহিমা