পৃষ্ঠা:বড় গীত.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩১) এক দিনা বসি সবে আলোচ কৰিলা। বিষ্ণুৰ থানত গৈয়া এক ঠাই ভৈলা। সৰসিক ব্ৰহ্ম৷ সেহি কালে সৃষ্টি কৰ। ভাঙ্ক আগ কৰি সৰে চাপিল ওচৰ। বিষ্ণুক প্ৰণামি সবে দিলন্ত গোচৰ। বোলে তুমি সমস্ত দেৱৰ আদি বৰ। গুনো থিৰ হৌক যেন মোহৰ যে মন। ৰাত্ৰি দিনে চিন্তো আমি তাহান চৰণ জাহানে সে আজ্ঞা কৰে ব্ৰহ্মা বিষ্ণু হৰে। তেহেন্তে সে আদি মূল গুৰু জগতৰে॥ এতেকে তাহান পাৱে সদায়ে চিন্তিাৰো। পৰম পুৰুষ তাঙ্ক হৃদয় ধৰিয়ো॥ জাহান সেৱক সবে দশদিগপাল। তেহেন্তে সে জানিবা কালৰ আদি কাল। ৰত্ৰিশ যুগৰ তান্তে কলিযুগ হৈব। ভাতে বহুতৰ লোকে ভকতি কৰিব। শঙ্কৰ স্বৰূপে হৰি হৈব অৱতাৰ। একান্ত ভকতি ধৰ্ম্ম কৰিব প্ৰচাৰ তোমৰা সদৰ যত গুণ নাম আছে। শঙ্কৰে প্ৰচাৰ তাক কৰিবন্ত পাছে। তেবেসে কৃষ্ণক পাইবা কহিলোহো আমি। তোমাৰায়ো পাছে চিনিবাহী নিজ স্বামী