এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
ফুল।

কি? মোৰ অৱস্থিতিয়েই বা কি? তেনেস্থলত মোৰ ইচ্ছা কেনেকৈ পূৰ্ণ হব? পূৰ্ণ হব জগৎ-নিয়ন্তাৰ ইচ্ছা। মোৰ কি সাধ্য যে তেওঁৰ ইচ্ছাৰ প্ৰতিকূলে বাট লওঁ! মোতকৈ লক্ষগুণে ডাঙৰ কত জীৱই সংসাৰ-চক্ৰৰ পাক-ঘূৰণিত পৰি লাল-কাল। হৈছে। তেনেহলে মোৰ এই ক্ষুদ্ৰ শক্তিৰে কেনেকৈ সংসাৰ ৰণৰ থলীত আগুৱাবলৈ সমৰ্থ হ'ম? সংসাৰৰ অধিপতি, জীৱন- নৌকাৰ গুৰিয়াল, জগৎ নিয়ন্তাৰ কৰুণাৰ নিৰ্ম্মালি এই কেশহীন মূৰত পৰিব নে?

 “বাৰু, সংসাৰ অসাৰ। কিন্তু বাসনাৰ সোঁতে প্ৰতি শিৰে শিৰে তিৰবিৰাব লাগিছে কিয়? এনে অসাৰৰ মাজত কি সাৰ দেখি মোৰ প্ৰাণ উত্ৰাৱল হৈ উঠিছে? “ধন জন পুত্ৰ ভাৰ্য্যা সবে অকাৰণ।” কিন্তু কি বাবে ৰম্ভাৰ নিমিত্তে প্ৰাণ কান্দে? কিয় প্ৰাণে ৰম্ভাক হৃদয়-আসনত বহুৱাবলৈ বিচাৰে। ৰম্ভাই নাজানে,—মই তেওঁক কেনে চকুৰে চাইছোঁ, ময়ো নাজানো ৰম্ভাৰ মনত মোৰ প্ৰতি কেনে ভাৱ! ইমানতো কিয় মোৰ হিয়াৰ মাজত ৰম্ভাৰ প্ৰতিমূৰ্তি জিলিকি উঠে? কিয় তেওঁৰ নাম হৃদয়তন্ত্ৰীত অফুট সুৰত বাজি উঠে? এতিয়া বুজিলোঁ দুৰ্ব্বল অন্তঃকৰণে সংসাৰৰ ধুমুহা সহ্য কৰিব নোৱাৰে। মোৰ প্ৰাণ অতি দুৰ্ব্বল! মই কেনেকৈ এই মহা আকৰ্ষণৰ বিপৰীতে বাট বুলিম?

 “বাৰু ৰম্ভাৰ লগত মোৰ কোনো সম্বন্ধ নাই। ৰম্ভাৰ সুখ-