এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুলকলি। হওক পৰাণ মোৰ বিনয়ে ভূষিত। ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। অজ্ঞানৰ স্মৃতি যত, সকলো হক বিধৌত, দয়া ক্ষমা সত্য গুণে হক মোৰ ব্ৰত। ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। পাপৰ সঙ্গতি ত্যজি, পুণ্যৰ ৰসত মজি, আগুসাৰ হওঁ যেন পবিত্ৰ বাটত! ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। আপোনাৰ স্বাৰ্থ ঠেলি, পৰ অৰ্থে প্ৰাণ ভুলি, হাঁহা কন্দা দুটি সোঁত ব’ক জীৱনত! ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। পৰ সুখ নিখিয়া, প্ৰফুল্ল হওক হিয়া, হিংসা খল অসূয়াৰ হক ‘স্কন্ধ পাত! ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। হৃদয়ত হক ধ্যান, তুৱা নাম যশ গুণ, পদ ছত্ৰ প্ৰকাশক সদায় শিৰত। ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত।