পৃষ্ঠা:ফুল-কলি.pdf/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলকলি। ( 9 ) যাৰ ইচ্ছা সিন্ধু মাজে অটল সংসাৰ, আত্মাৰূপে সকলোতে আছে অধীশ্বৰ, সাকাৰ কি নিৰাকাৰ অচিন্ত্য মনৰ, প্ৰাণৰ দেৱতা তেওঁ নিয়ন্ত৷ বিশ্বৰ। ( 30 ) মহা মহা যোগী যাক মনত ধিয়ায়, শ্ৰুতিয়ে স্মৃতিয়ে যাক বিচাৰি নাপায়, যাতে বিশ্ব উতপন যাতে পুনু লয়, প্ৰাণৰ দেৱতা তেওঁ আতি মধুময়। প্ৰাৰ্থনা। ( > ) ব্যক্ত বা অব্যক্ত নাই ৰূপৰ অতীত; যাৰ মায়া কৌশলত সৃষ্টি বিকশিত। দৃশ্য নাই সকলোতে আছে অধীশ্বৰ; অনন্ত মহিমা স্থিতি স্থান নাই যাৰ! তুমি প্ৰভো দয়াময় প্ৰদীপ আমাৰ, অঞ্চল আৱৰি দিয়া জ্ঞানৰ পোহৰ। দূৰ হক অহঙ্কাৰ আত্ম অভিমান, -কৰিবলৈ জীৱনৰ কৰ্ত্তব্য সাধন। ৪৯