পৃষ্ঠা:ফুল-কলি.pdf/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। (৫) যাৰ নামে ভয় পায় পশু, পক্ষী, ন, লয় পায় তৃণ তৰু কটাক্ষত যাৰ; মৃদু মৃদু বয় বায়ু উল্লাস অন্তৰ, প্ৰাণৰ দেৱতা তেওঁ, কৃপাৰ সাগৰ। (ঙ) গৰ্জ্জিছে সাগৰ শুনা অতি ভয়ঙ্কৰ, ঢউ দেখি কুচি মুচি শঙ্কিত অন্তৰ; তথাপি থিৰেৰে আছে গহীন গম্ভীৰ, প্ৰাণৰ দেৱতা তেওঁ, কৃপাৰ সাগৰ। (9) বাৰ মাহ, ছয় ঋতু দিন ৰাতি দুই, আয়াযাত কৰি আছে নিয়মে সদায়, সুখ দুখ শীত উষ্ম নিচিনা ধাৰৰ, প্ৰাণৰ দেৱতা তেওঁ কৃপাৰ সাগৰ। (b) যাৰ ইচ্ছা নিৰ্জৰিণী হিয়া ভেদি বয়, . হঁহা কন্দা দুয়োটাৰ এটি মাত্ৰ পায়; ক্ষণে ক্ষণে কটাক্ষত নতুন পোহৰ, প্ৰাণৰ দেৱতা তেওঁ প্ৰকৃতিত পৰ।