এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। জিলিকে জীৱন সুখ ন বৰণ ধৰি; যদিয়ো দুৰ্ববল কায় হিয়া তাৰ ভৰি। কোন তুমি এই দৰে বাঁহীটি বজোৱা হিয়াৰ মাধুৰি আনি হিয়াতে বিলোৱা। তোমাৰ অন্তৰ খানি এ হেন কোমল নোৱাৰে৷ চিনিব কোন তুমি নিমল। অমিয় মধুৰ হাঁহি৷ বজোৱা বজোৱা বাজোক বাজোক, পৰোক কাণত আহি; যদিয়ো দূৰত, তথাপি বাঁহীটি, প্ৰাণৰ অমিয়া হাঁহি। শুনো মানে হায়! তৃষ্ণা বাঢ়ি যায়, আৰু শুনো শুনে৷ কৰে৷; ক্ষন্তেক সময়, মুশুনিলে হায়, যেন বুকু পুৰি মৰোঁ। নেলাগে পিয়াহ, নেলাগয় ভোক অলপো আমনি নাই সৰল মনৰ আৰু সহৃদয়ৰ, অতি প্ৰাণ প্ৰিয় ভাই।