পৃষ্ঠা:ফুল-কলি.pdf/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। জিলিকে জীৱন সুখ ন বৰণ ধৰি; যদিয়ো দুৰ্ববল কায় হিয়া তাৰ ভৰি। কোন তুমি এই দৰে বাঁহীটি বজোৱা; হিয়াৰ মাধুৰি আনি হিয়াতে বিলোৱা। তোমাৰ অন্তৰ খানি এ হেন কোমল; নোৱাৰে৷ চিনিব কোন তুমি নিমল। অমিয় মধুৰ হাঁহি। বজোৱা বজোৱা বাজোক বাজোক, পৰোক কাণত আহি; যদিয়ো দূৰত, তথাপি বাঁহীটি, প্ৰাণৰ অমিয়া হাঁহি। শুনো মানে হায়! তৃষ্ণা বাঢ়ি যায়, আৰু শুনো শুনে৷ কৰোঁ; ক্ষন্তেক সময়, নুশুনিলে হায়, যেন বুকু পুৰি মৰে॥ নেলাগে পিয়াহ, নেলাগয় ভোক, অলপো আমনি নাই সৰল মনৰ আৰু সহৃদয়ৰ, অতি প্ৰাণ প্ৰিয় ভাই।