এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বহু ৰমণীৰ কথা ফুল-কলি। শুনিছোঁ বহুত দেৱী, পঢ়িছো বহুত;— খোৱা নাই কোনো জনে, পতিৰ মঙ্গল অৰ্থে, এই মতত, এনেকুৱা চৰ ভুকু সৰল প্ৰাণত। খোৱা নাই এনেকুৱা, কোনো দাৰুণ দুৰ্গতি, টঙালি চেপাত, এনেকুৱা সুকোমল লাৱণী দেহাত। হায়! দুষ্ট চাউডাঙে, পতিৰ বাতৰি সুধি, কবৰ আশাত, নিদয়ে দিলে কত যাতনা বিষম? তথাপি নকই, সতি, পতিৰ হিতৰ অৰ্থে অকালতে সামৰিলা মানৱী জীৱন। ই যুগত মৰ্ত্ত ভূমি, পবিত্ৰ কৰিলা তুমি, 39