পৃষ্ঠা:ফুল-কলি.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৷৹

 অৱশেষত যোৰহাট নৰ্মাল স্কুলৰ চুপাৰিন্টেণ্ডেণ্ট দেশবৎসল পূজ্যপাদ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী মহোদয়ৰ পৰিযত্নত এই কিতাপ-খনি ছপা হল। এখেতে নানা কৰ্ম্মৰ মাজতো পুথিখনি তিনি চাৰি বাৰ চাইছে, ভুলভ্ৰান্তি শুধৰাইছে, তদুপাৰি প্ৰেচৰ আটাইবোৰ কাম তেখেতে গা পাতি লৈছে। এই স্নেহ ঋণ শুজিব নোৱাৰি, শুজিবৰ ইচ্ছা কৰিবও নোৱাৰি। আশা হয় যেন এই নিস্বাৰ্থতাৰ অঙ্কুৰ মোৰো অন্তৰত সদায় সজীৱ থাকে।

কালঝাৰ সত্ৰ।
চৈত, ১৮৪১ শক।

}

বিনীত
শ্ৰীকালীপ্ৰসন্ন দাস।

শ্ৰীযুত কালীপ্ৰসন্ন দাসৰ এই পুথিখনি ৰাইজৰ আগত দি ম‍ই বৰ আনন্দ পাইছোঁ। লিখকৰ কোনো স্কুলীয়া শিক্ষা নাই, আৰু তেওঁ নিতান্ত গাৱঁলীয়া মানুহ। তেওঁ স্বভাৱ-কবি। এনে এজনা মানুহৰপৰা সুন্দৰ ভাৱ, গভীৰ দেশ-প্ৰীতি আৰু ওখ ধৰ্মভাৱৰ কবিতা পঢ়িবলৈ পাই সাহিত্যৰসত আমোদী লোকমাত্ৰই বৰ আনন্দ পাব বুলি ম‍ই আশা কৰিছোঁ। কিছুমান কবিতা ইয়াত আছে যি অতি উৎকৃষ্ট হৈছে—আৰু যাক কোনোৱে নতুন কবিৰ লিখা বুলি কব নোৱাৰিব।

শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।
৩।৪।২০

যোৰহাট
নৰ্মালস্কুল।