এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
P ফুল কলি। ( 12 ) আপুনি লুকাব আন্ধাৰ দেৱীয়ে, পৰিব সূৰ্য্যৰ পোহৰ ছাটি; আগৰ দৰেই ধৰা জিলিকিব, কৰ্ত্তব্যৰ ভাৱ আহি উভটি। (13) আপুনি ইদৰে বুৰিয়ে থাকিব, দিন ৰাতি দুই আহা যোৱা কৰি, বুৰোঁতে দুৰোঁতে পোন্ধৰ দিনত আপুনি পক্ষই দিবহি ভৰি। (18) আপুনি আহিব গ্ৰীষ্ম আগুৱাই, ফল-ফুলে ভুষি কানন-বন; অসুখ ভুগিব পশু নচয়, ধাত পৰিব ৰবিৰ টান। (১৫) গছনী শুৱাই, মহজোক এৰি, আপুনিয়ে গ্ৰীষ্ম যাৰ আঁতৰি; নতুন উচ্ছাসে ধুমুহাৰ সতে, আপুনি বৰ্ষাই দিবহি ভৰি।