এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। নামে কামে যি অসম, সেই দেশ অনুপম, মোৰ দেশ! মোৰ পূজ্য যেহেন জননী। - বিশ্বৰ নিয়ম। (>) নিশাৰ এন্ধাৰ আপুনি নাশিব, ৰিণিকি ৰিণিকি উঠিব ৰোল, ফুলনিত ফুল আপুনি ফুলিব, আপুনি আহিব ভোমোৰা দল। (2) জুৰ জুৰ কৰি বতাহ বলিব, লৰাই গছৰ কোমল পাত; চিকিমিকি কৰি সূৰ্য্যৰ কিৰণ, আপুনি আহিয়ে পৰিব গাত। (৩) আপুনিয়ে ঊষা নিজে আঁতৰিব ফুলনি, বননি হব নিমাত; ফুলনিৰ ফুল আপুনি সৰিব, কোনেও তালৈ নেমেলে হাত।