এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
७ ফুল কলি। থাকে৷ মানে সংসাৰত ইহ লগৰীয়া। -0- মোৰ দেশ। শোভিত হৰিত মূৰ্ত্তি, ভাৰতে পবিত্ৰ অতি, ভাৰতৰ পূৰ্বৰ অংশে আছে যিটি থান; যাৰ মাহাত্ম্যৰ কথা, স্বৰ্ণত লিখিত আছে, শ্ৰীভাগৱত, বুৰঞ্জী পুৰাণ যি দেশত অতিজতে, বিজয় কিৰিটী লই, শাসিছিল কত শত প্ৰতাপী ৰজাই; নকাদি ভগদত্ত, বাণ, গদা, ঘটোৎকচ, 'সুবিখ্যাত জগতত বীৰ তেজ লই। ব্ৰহ্মাৰ মানস পুত্ৰ, মহানদী ব্ৰহ্মপুত্ৰ, যি দেশক সমানে দু-ভাগ কৰি লই; মাজেদি বইছে থিৰে, কুল কুল মৃদুস্বৰে, অপৰূপ মনোহৰ পুলকিত হই।