এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। কিয়নো তথাপি মোৰ অশান্ত হৃদয়, সংসাৰত দুখী যেন দৰিদ্ৰ-নিচয়। নিৰাশাৰে ভৰা হিয়া – থউ কিবা থউ, নিতউ উঠিছে মাথোঁ বিষাদৰ ঢউ। বিদ্যাহীন ধন-ধানে কৰি চেই চেই, নিতও চকু-লো কিয় মুচিছো ঘনাই। নাই মাত, নাই বোল— আপুনি বিতত; আপুনি ধিক্কাৰ কত কৰোঁ আপুনাত। কিয়নো লৰালি কালে বিদ্যা নিশিকিলোঁ, খন্তেকীয়া সুখ পাই জলাঞ্জলি দিলোঁ। জীৱনে ই শোক মোৰ হল যুগমীয়া,