পৃষ্ঠা:ফুল-কলি.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 ফুল কলি। এলাহ ভাগৰ নাই ৰঙতে ৰাঙলি, ৰঙৰ হেপাহ নপলায়। কিনো কম! নোৱাৰিম এতিয়া বুজাব, কেনুৱা আছিল লৰাকাল; বুদ্ধিৰ অসাধ্য, যেন ভাৱতে বিভোল, ৰং চাওঁতেই পমি গল। এতিয়াহে মনে মনে ভাৱিছোঁ নিতেই, কি ভাৱত আছিলোঁ বিভোল; (ম‍ই) অৱশ্যে বিভোল নহওঁ কদপি, আশা যদি ইমান প্ৰৱল। 11 মোৰ যুগমীয়া শোক। ধন-ধান আছে মোৰ সংসাৰ সম্বল, নাই দেখোঁ একো মোৰ বিষয়-জঞ্জাল। সুস্থ দেহ, নাই একে৷ ৰোগ অন্তৰত, নাই একো অভিমান হিয়াৰ মাজত।