এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। জীৱন-পথত গৈছে আগুৱাই, পিচত নপৰে ভৰি। তোমাতে আশ্ৰয় কৰিছে৷ হৃদয়, তোমাতে জীৱন ভাৰ। মনৰ কথাটি তোমাতে সপিলোঁ; বোওৱা একোটি ধাৰ। মোৰ লৰাকাল। যদিয়ো নেজানো হায়! সৰল প্ৰাণত, পিতৃ-স্নেহ কেনুৱা লাৱণী; যদিও নেজানো হায়! ক্ষুদ্ৰ জীৱনত, পিতৃ কেনে পুত্ৰৰ ফুলনি। তথাপিতো পিতৃ শোক নেজানো সমূলি, উলাসতে ফুৰিছিলে৷ উৰি; নাই সুখ দুখ, অনন্ত হাঁহিৰ ৰোলে বিশ্ব যেন নিতে যায় বুৰি। নেপায় অলপো সংসাৰ ৰদৰ তাপে, নেজানে৷ সংসাৰ কেনে মই;