পৃষ্ঠা:ফুল-কলি.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। শোক। নেচাপিবা কাষ মোৰ থাকা দুৰতেই, আঁউিশীৰ আন্ধাৰতো বেছি কলা তুমি; শোকাতুৰ জন আশা-সূতা হেৰুৱাই, কাম্য কৰ্ম্ম নাশ কৰি হয় অধোগামী। তমোময় অন্ধকাৰে তোমাৰ নিবাস, একমাত্ৰ হীন জন তুমি সংসাৰত; দৰ্শন লভিলে হয় সত্ত্ব ভাৱ নাশ, নাহিবা! হৃদয় মোৰ নুবুৰাওঁ তাত। চিন্তা। আপুনি বিভোল তোমাকে সুঁৱৰি, নোৱাৰোঁ কব বুজাই, অফুট ভাৱৰ, অবুজ ভাষাৰ, ৰাগিণী মিলাই লই। কামৰ সময়, কিবা ৰাতি দিন, পৰশি হৃদয় তলি, হিয়া ভেদ কৰি বইছা নিঝৰা, আগত মনক ঠেলি।