পৃষ্ঠা:ফুল-কলি.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 ফুল-কলি। তথাপিতো কিয় তযু সন্তপ্ত পৰাণ; নহয় মুকলি মন, বন্ধনত আছা যেন, কটোৱা জীৱন যেন চিৰদুখী জন। বেজাৰেৰ মাত দিলে মইনা চৰাই; নোৱাৰে ফুটাব মাত, চকুলো পৰিছে গাত, থমকি থমকি কলে ইনাই বিনাই। মিছাতে বুলিছ৷ মোক চিৰসুখী জন; নেজানে সমুলি হিয়া স্বাধীনতা কেনেকুৱা, পৰাধীনে চিৰদিন কাটিছে জীৱন? নাথাকি ইয়াত, পাওঁ কণ্টক-কানন; সেই মোৰ স্বৰ্গ-স্থান, পাম জন্ম ভূমি-দান, আৰু পাম স্বাধীনতা অমূল্য ৰতন। 101