এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কুল-কলি। কৰিছোঁ কাকুতি হেৰা তুৱা পাৱে পৰি। মানৱক কৰা দয়া দিয়া যেন পদ ছায়া, কু-কাম কু-পাপে যেৱে আগুৱাই ভৰি। কৰিছো কাকুতি হেৰা তুৱা পাৱে পৰি। সু-কাম সু-পথে মন যদি হয় আগুৱান, দূৰত থাকিবা তেন্তে আঁতৰি আঁতৰি। কৰিছো কাকূতি হেৰা তুৱা পাবে পৰি। অধীন। হেৰা মোৰ মৰমৰ মইনা চৰাই, আনন্দ সোঁতত বুৰি মাত তই একাষাৰি; বিষাদত কিয় আছা কোঁচ-মোঁচ খাই। সুখী তুমি মাথে।! শান্তিময় তোমাৰ জীৱন; ছোৱা হেৰা চকু মেলি, কত লগৰীয়া মিলি, আহাৰ বিচাৰি পুৰি বিয়াকুল প্ৰাণ। ১৯