পৃষ্ঠা:ফুল-কলি.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। আশাতে বিভোল বিকচিত সংসাৰ; হেচ৷-ঠেলা, আশাতেই, সদায় দুৰ্বাৰ। নহবা নিৰাশ; আশা জীৱনৰ আশাতে যোৱা আগুৱাই; উন্নতিৰ ওখ ঠাই। ইচ্ছা। এক মাথোঁ ঘোৰ এই নিজান বনত, জীৱনৰ আছে শত্ৰু কত! ইচ্ছাই সাৰথি মাথোঁ, সংসাৰ বনত, সদা তযু ফুৰিছে লগত। শকত বান্ধেৰে বান্ধা তোমাৰ ই হিয়া— সাহসতে হক ইচ্ছা বলী, জয় হবা যতে ততে আক্ৰমি ৰিপুক; ইচ্ছা ইচ্ছাময় সৰ্ব দলি। ১৭