এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল-কলি। সৌন্দৰ্য্য। প্ৰাণত অতৃপ্তি আজি; অকলে অকলে, বাট পথ এৰি এৰি ফুৰিছোঁ নিৰলে। অকস্মাৎ দেখোঁ কিবা ৰূপৰ প্ৰতিমা; উত্ৰাবল হল মোৰ হৃদয় আতমা। কিবা যেন পালোঁ এটি স্বৰ্গীয় বাতৰি। নলৰে নচৰে ভৰি অপোন পাহৰি। থমকি থাকিলো ৰই বহিলোঁ তাতেই; নিশ্চয় নোৱাৰোঁ আৰু যাব আগুৱাই নেচায় নেমাতে তেওঁ যোগী যে মহান্; কি যে হায়! তথাপিতো সঁপি মন প্ৰাণ, নিৰলে নিলে বহি ক্ষুদ্ৰ হিয়া মোৰ, থাকিব খুজিছে চাই হেজাৰ বছৰ। - আশা। আশা কৰা তুমি! নিৰাশাত দিন শেষ; কু-আশা চকুৰ ফুটা, সু-আশা বিশেষ।