পৃষ্ঠা:ফুল-কলি.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আছে মাথোঁ দুখ, সকলো প্ৰাণীতে, স্বৰ্গ মৰ্ত্য দুয়োতেই; অবোধ মানৱ, সেই হে ফুৰিছা, সুখৰ জখলা চাই। - শান্তিৰ জখলা। সংসাৰৰ লোভ কিবা মোহৰ চক্ৰত এদিন গৈছিলোঁ যেন বনৰ মাজত। জনশূন্য নিৰ্জ্জনত অকলসৰীয়া; পালোঁ লগ এজনক চকু টোপনীয়া! আমি যেনে তেওঁ তেনে ভাবিলোঁ মনত; তুমি কোন কোন বুলি মাতিলোঁ বহুত। তেওঁ নেমাতিলে যেন কলে কোনবাই; সংসাৰৰ মায়াহীন বৈৰাগী এৱেই। কাম ক্ৰোধ লোভ মোহ অহঙ্কাৰ হীন; সংসাৰত এৱেইহে নিৰাশা-অধীন। এক ভাব এক ধ্যানে এজনে আঁকোলি, সংসাৰৰ শোক-তাপ নেজানে সমুলি। ভাবিলোঁ মনতে শুনি, বুজাবলৈ টান, শান্তিৰ জখলা মাথোঁ নিৰাশা-জীৱন।