পৃষ্ঠা:ফুল-কলি.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। ঘূৰি ঘূৰি গই যেতিয়া পাবহি, ওচৰে আহে সন্ধিয়া কিৰণ সামৰি, কলা মলা পৰি, হয় বেলি নাইকীয়া।

পূৰ্ণিমাৰ জোন, কেনেনো ধুনীয়া, পোহৰে উজলে ধৰা; আঁউসিৰ দিনা, ঢাকিছে এন্ধাৰে, জীয়াই থাকোঁতে মৰা। পুৱতি নিশাত ফুলে উতপল, প্ৰকাশি হৃদয় হাঁহি; বেলি নোলাতেই ভোমৰাক ল‍ই, বজায় আনন্দ বাঁহী। নাই হিংসা দ্বেষ, উদাৰ হৃদয়, সুখীয়া ভেটৰ পাহি; বেলিটি ওলালে, জয় পৰি যায়; তাৰো খন্তেকীয়া হাঁহি। তন্ন তন্ন কৰি, ঠাই ঠাই ঘূৰি, দেখিলোঁ বহুত ঠাই; কি দিম বুজাই, জোন বেলি তৰা, জীৱনত সুখ নাই।