পৃষ্ঠা:ফুল-কলি.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। প্ৰেম। তুৱা মাথ সত্ত্বগুণে বিকশিত কায়; হিংসা, ক্ৰোধ, দ্বেষশূন্য উদাৰ হৃদয়! মধুৰতো সুমধুৰ শান্তিৰ সম্বল; সংসাৰ-কাননে তুমি দুৰ্বলৰ বল। সুখ। সুখ সুখ বুলি ফুৰে৷ ঘূৰি ঘূৰি, নেপালোঁ সুখ সমূলি; সুধিলো এদিন, বৈৰাগী এজনে, সুখ কেনেকুৱা বুলি। আমিয়া মাতেৰে কলেহি বুজাই, হেৰা অবোধ সোণাই, সুখ সুখ বুলি, মিছাতে ঘূৰিছা, সুখ বিধি স্ৰজা নাই। চোৱা বাৰু সৌ পূৱ আকাশত, ওলাই ৰঙা বেলিটি, দিছেহি পোহৰ, নাশি অন্ধকাৰ, কেনে নো শুৱনি অতি। GC