পৃষ্ঠা:ফুল-কলি.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। কি ফল লভিম হায়! কৰিলে সাধন। তেতিয়া কোনোবা যেন কলে ৰিঙিয়াই; অজ্ঞান মানব তুমি নেজানা নিশ্চয়--- দেখিছা দেউল যিটি, যশৰ আধাৰ, তুমিও তালৈ যোৱা, হোৱা আগুসাৰ। অধিস্থান হলে তাত কহিলোঁ নিশ্চয়, মৰিও নমৰে নৰ হয় মৃত্যুঞ্জয়। প্ৰিয়। লোভ নাই, ক্ৰোধ নাই, অন্তৰ নিৰ্ম্মল; ধীৰ নম্ৰ ক্ষমাশীল বাক্যত সৰল। আত্মপৰ ভিন নাই, স্ব-ধৰ্ম্মত স্থিত; প্ৰিয়জন হোৱে তেওঁ জানিবা নিশ্চিত।