পৃষ্ঠা:ফুল-কলি.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিমল জেউতি ভৰা, চন্দ্ৰতো উজল। তালৈ কাঁইটেৰে ভৰা সৰু এটি বাট, দু-পিনে দুসাৰি ওখ শিলৰ পৰ্ববত। . বহু বিপদত পৰে তাত উঠা জনে, তথাপিতো কত জনে উঠিছে যতনে। চেনা কত জন উঠে। বুলি গৈছে আগুৱাই; উঠিব নোৱাৰি কত ইনাই বিনাই, নিৰাশাৰ লগ লই কান্দিছে অকলে, ক্ষণে উঠে, ক্ষণে পৰে মনৰ বিকলে। ই-সকলো দেখি মোৰ কান্দিল পৰাণ;