এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। চিন্তা-জুই তাপে উতলা হিয়াত কিয়নো শান্তিৰ নিজৰা ঝৰে। নতুন পোহৰে উজলে সংসাৰ, মনে কিয়নো গুচাই আন্ধাৰ পট, উৰুলি জোকাৰে নানা চেওঁ ধৰি, কিয়নো চৰায়ে দিছেহি মাত। নিয়ৰে তিওৱা ফুলৰ কলিটি জোকাৰি জোকাৰি আপোন পাহি; গহীন ভাৱত কিয়নো মাৰিছে মিছিকীয়া এটি মধুৰ হাঁহি। কিয়নো হিয়াত কৰ্ম্মৰ প্ৰতিমা, নাচিছে বঢ়াই কল্পনা-আশা! মধুৰ মোহিনী শান্তিৰ কানন, দেখা দিলে আহি প্ৰতিমা ঊষা। যশ। দেখিলোঁ সাপোন এটি, আধা টোপনীতে— পৰ্ববত এখনি এটি বিলৰ মাজত তাৰ উপৰত এটি সুবৰ্ণ-দেউল :