পৃষ্ঠা:ফুল-কলি.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। মেলি চাওঁ চকু দুটি চকু-লো মোহাৰি, শোভিছে সংসাৰ নৱ পোহৰেৰে ভৰি। আহিছে ভোমোৰা প্ৰণয়ৰ গীত গাই, ফুলিছে কুসুমচয় আগৰ দৰেই। ফুলে ফুলে'পৰি পৰি বোলে চুমা লোৱা, ইটোৱে সিটোৱে আকোৱালি মতলীয়া। বলিছে বতাহ তাত আগৰ দৰেই; অমিয়া সু-স সুৰে ৰিব ৰিৱকই! ক্ষন্তেকেতে আৰু পুহু হাঁহি মিছিকিয়া, কল্পনাৰ ছবি কিবা চিৰ বিনন্দীয়া। কিহেৰে নো সিজনক চিনিব পাৰিম, সামান্য মানৱ হায়! কেনেকে বুজিম॥ উষাৰ সাক্ষাৎ। ৰিৱ ৰিৱ কৰি বলিছে বতাহ উৰাই ফুলৰ অমিয়া ৰেণু, নিশাহতে আহি সোমায় ভিতৰ, গন্ধে ভৰপুৰ, সুখৰ অণু। ৰিণিকি ৰিণিকি পৰিছে কাণত, সু-স্বৰ লহৰী অমিয়া সুৰে : 2