পৃষ্ঠা:ফুল-কলি.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

F ফুল-কলি। জীৱনৰ লগৰীয়া। সাদৰেৰ জানিছিলোঁ মই, পাহৰিলোঁ সংজ্ঞা হেৰুৱাই অকস্মাত আজি আৰু তোমাৰে ছৱিটি, স্মৰণত আহিছে দুনাই। প্ৰিয়বন্ধু মানব জীৱনে, সুখ দুখ তোমাতে মিলন, যতনেৰে আঁকোৱালি তোমাক মানবে, হৃদয়ত কৰিছে স্থাপন। সংসাৰৰ মঙ্গল-আকৰ, তুমি মাথোঁ নিত্য অলঙ্কাৰ, হে বিদ্যা, দিনে দিনে মানবৰ সৌন্দৰ্য্য বঢ়াই, হৃদয়ৰ গুছোৱ এন্ধাৰ। মৰিও অমৰ হয় ন জগতত তোমাৰ কৃপাত। যথাৰ্থতে নোৱাৰে কৰিব, কোনোৱেতো অকল সৰীয়া, বিশ্ব-গৰাকীৰ সৃষ্টিৰ মাজত, তুমি জীৱনৰ লগৰীয়া॥ 11