পৃষ্ঠা:ফুল-কলি.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। জীৱনৰ মহাব্ৰত। সংসাৰত থিয় হই, ধন ধন বুলি, সত্য এৰি অসত্যক ধৰি, দয়া ক্ষমা সৰলতা কৰি পৰিহাৰ, জীৱনৰ উদ্দেশ্য পাহৰি, পিয়াহত পানী খোৱা ভোকত আহাৰ, লোভৰ সদায় বশীভূত, কু-কথাত ৰত সদ৷ কু-বৃত্তিত ভৰি, নহয় ই জীৱনৰ ব্ৰত। ঈশ্বৰৰ আজ্ঞানু কৰ্ম্মত সদা স্থিতি, ঈশ্বৰৰ বঢ়োৱা তৃপিতি, হিংসা দ্বেষ এৰি সংসাৰত জয় লভা, নিৰ্লোভ স্বভাৱে হই স্থিতি, দৰিদ্ৰক দান, পৰদুখে দুখী হোৱা, পৰ উপকাৰে সদা ৰত, স্ব-দেশৰ হিত চিত্তা আত্ম-স্বাৰ্থ ঠেলি, মানব জীৱনে মহাব্ৰত। G