এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
8 ফুল কলি। কবি। পূজনীয় তুমি কবি, সংসাৰ-ফুলনি পোহৰাই আছা যেন মনিৰত্ন খনি। হিয়াৰ তলিৰপৰা ভাৱৰ নিজৰা বয়, মধুৰ আমিয়া সুৰে দশোদিশ পোহৰায়। নৱ নৱ ভাৱ লই শান্তিহীন মানবৰ সুকোমল কবিতাৰে শাস্তি দিয়া হৃদয়ৰ। সাংসাৰী বিবেকী আৰু আন যত প্ৰাণী মধুৰ ঝঙ্কাৰে শুনি হৃদয়ৰ প্ৰতিধ্বনি, কত আনন্দৰ ঢউ হিয়াত জিৰণি লয়, কত কত হৃদয়ৰ বিষাদ আঁতৰি যায়। স্নেহ ডোলে বান্ধ খাই নিদয়াৰ চিত্তখানি, কঠুৱা হিয়াত বয় প্ৰেম-স্ৰোত চকুপানী। মিলনে মিলন মুহি কৰ্ত্তব্যৰ পাছ ধৰি, আগলই নিছা ভৰি জীৱনৰ লক্ষ্য কৰি। নৱ ৰসে নৱ ভাষে নিখুঁত সুৰেৰে কত শাস্তিৰ শীতল ছায়া বিতৰিছা জগতত!