এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২
ফুল-কলি।
যদিও সি ৰূপহীন,
নাই সু-গন্ধৰ চিন,
যদিও ৰেণুত তাৰ,
নাই মউ সুধাধাৰ,
তথাপিতো গুন্ গুন্
ৰবে অলিকুল,
এবাৰ পৰে নে আহি,
দেখি নৱ ফুল!
কবিতা-দেৱী।
সৰগৰ দেৱী কিবা নৰ্ত্তৰ ঈশ্বৰী,
নোৱাৰে চিনিব কোনো, নাজানে নিশ্চয়,
সৰল উদাৰ চিত মৰমে বন্ধোৱা
চেনেহৰে ভৰা যেনে তোমাৰ হৃদয়॥
সকলোকে দেখা তুমি একেই সমান,
আত্মপৰ ভাৱ কদাচিতো নেদেখুৱা,—
ধনী কি নিৰ্ধনী সকলোকে আঁকোৱালি,
দয়াত বিলীন চেনেহত পমি যোৱা।
সংসাৰৰ শোক তাপ জুইত বাগৰি,
শান্তিৰ কণিকা যোনে অলপো নেপায়;