পৃষ্ঠা:ফুল-কলি.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। অতৃপ্ত প্ৰাণত সিটো তোমাৰ স্নেহত শান্তিৰ নিজৰা সদা অযাচিতে বয়। 11 কবিতা। (>) গন্ধে তুমি মনোমোহা ৰঙেৰে ৰাঙলী, মানুহৰ চিন্তা আৰু কল্পনা ৰাজ্যৰ হৃদয়ৰ নিৰ্মল পুখুৰীত ফুলা এটি তুমি অপৰূপ ফুল পদুমৰ। তুমিয়েহে একে দৰে থাকা, দিন ৰাতি বলি থাকে তোমাতে হে শীতল বতাহ; ভোমৰায়ো পায় মউ সদা তোমাতেহে, চুমি চুমি পলুৱাই মনৰ হেপাহ। (2) তোমাৰ হৃদয় যেন পৰ্ববতৰপৰা প্ৰেমৰস দয়াধৰ্ম্ম নিজৰাটি বয়। তোমাক দেখিলে, দেবী, মানৱ পৰাণ তোমাৰ নিৰ্মল মৰমেৰে বান্ধ খায়; দুখ শোক অন্তৰাই তোমাৰে ছবিটি বুক্ত সাৱটি লয় চিৰকাললই। 111