পৃষ্ঠা:ফুল-কলি.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। ফুল-কলি। ফুলনি কি বননিত, নাচি নাচি উলাহিত, লাৱণ্য-ৰূপত ভা মধুৰ ছবিটি, বোৱায় আনন্দ সোঁত কুসুম কলিটি। ফুলোঁ নে নুফুলোঁ কই, মুখৰ ঢাকোন থই, ছায়া-মায়া দেখুৱায়— মধুৰ হাঁহিটি ভুমুকনি মাৰি মাৰি আনন্দত উটি। বতাহৰ লগ ধৰি চেৱে চেৱে নাচ কৰে; আকৌ লাজুকীৰ ভেশ ধৰি, থাকে মূৰ পুতি।