পৃষ্ঠা:ফুল-কলি.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তলবল বগামুৱা বেলিটিয়ে ৰাঙা পৰি, যেন ঘুৰি ঘুৰি গ‍ই, মাগিলে বিদায়। যেন দেখুৱাই হাঁহি, প্ৰফুল্ল কমল পাহি ওলোতেই বেলিটিয়ে পৰি গল জয়॥ তেনে দৰে গলা তুমি, ত্যজি এই মৰ্ত্ত ভূমি— শোক তাপ তৃষ্ণা যত নাই লগৰীয়া। শান্তিময় স্বৰ্গত, আছা দেৱ আসনত — নোহোৱা মানৱ তুমি, দেৱতা এতিয়া। যদিও দেৱতা তুমি, পুত্ৰৰ চিনাকি বুলি উদ্দ্যেশি চৰণ তযু শান্তি হীন হিয়া। প্ৰাণতিৰে উছৰ্গিলে।, গোটোৱা ফুলৰ কলি- আপোন পুত্ৰৰ বুলি হাত পতি লোৱা॥