পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাঁহিলে। ফুকননীয়ে ক'লে — “ৰ’বা ৰ’বা তৰাৰ মাক, এই ব্ৰহ্মপুৱাতে মই বহি থাকিম বুলি তাই কেনেকৈ জানিবহে! ‘তাই হাতেৰেও কাজী, মুখেৰেও কাজী; কথাৰেও যায় ৰামতাল বাজি।’ নহয় জানো” — বুলি আইতাই হাঁহিলে। শইকীয়ানীয়ে ক’লে — “হ’লেও বাইদেউ, বোলে ‘অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ। সেইটো হ’লে সঁচা কথা দেই”— বুলি কথাষাৰ শেষ কৰি বাটলৈ চোৱাত মোলোকাৰ পুতেক কদমক দেখি মাত লগালে — “অ’ কদম, ৰচোন ৰ। একেবাৰেচোন অগ্নিশৰ্মা হৈ কোঁ-কোৱাই বাট বুলিছ। কি হ’ল?”

  —“কি-নো আৰু হ’ব আইতা! ‘য’তে বাঘৰ ভয়, তাতে ৰাতি হয়।’ এতিয়াও সেইটোৱেই হ’ল। কেনেকৈ সহ্য কৰো আইতা? মোৰ লহ্‌পহ্‌কৈ বাঢ়ি অহা কঠিয়াডৰা তেনেই খুৱাই গৰু মেলি দি বুইছে। ময়ো দিছোঁ ঠিককৈ মধুৰ কি হাত আছে, মেমেৰাৰ নাই নেকি?”

 ফুকননী আইতাই মাত লগালে —“ৰ,ৰ কদম। ভদোৱে বেয়া কাম কৰিছে। সঁচা কথা। তই বাৰু নিজ চকুৰে দেখিছিলিনে?”

 সি চকুপানী মচি ক’লে— “নাই দেখা আইতা।”

  —“তেতিয়াহ’লে সিটো পঘা ছিঙিও যাব পাৰে! কিয় আন্দাজত বেয়া কাম কৰ কচোন। খং নামেই চণ্ডাল।’ হেৰ’ বুঢ়ালোকে নকয় জানো ‘ক্ষুদ্ৰ ফিৰিঙতিৰ পৰাহে খাণ্ডৱ দাহ হয়’। তাকে কয় বোলে ‘কটাৰ পো কুটি, লোকলৈ বুলি হুল পুতি, আপুনি মৰে ফুটি’। সেইটো যাতে নহয়, মনত ৰাখিবি।” ইপিনে শইকীয়ানীৰ ফালে চাই ক’লে — “তৰাৰ মাক, ইয়াৰ সকলো কথা বিশ্বাস নকৰিবা। ই ‘এঠাইত কাটিলে সাত ঠাইত গজা’। বোলো ‘ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা’। অ’ ৰাম–কৃষ্ণ মই একেবাৰে নাজানো...”

 তেনেতে তৰাই পিৰালি চোতালতে ঠাইকণ হাত ফুৰাই লৈ চাহ অকণ দি সেৱা এটা কৰিলে। তাকে দেখি ফুকননীয়ে পুনৰ ক’লে — ‘মই নকৈছিলোনে তৰাৰ মাক, ‘টিক বলধা ওলাই মাটি, মাক ভালেই জীয়েক জাতি’।”

 শইকীয়ানীয়ে ক’লে — “ইমানকৈ নশলাগিব আই। শলাগোতে শলাগোতে শলাগাঁঠি লাগিব আকৌ।”

  —“নহয় নহয় তৰাৰ মাক, তেনেকৈনো কিয় কোৱা, আমি মানুহ চিনি পাওঁ। ৰ’বা দেও, চাহকণ ঠাণ্ডা হোৱাৰ আগতে খাই লওঁ। বোলে ‘যিহে লাগিছে

ভোকৰ গোট, ক’ৰ গোসাঁই সেৱা ক’ৰ ফোঁট’। ৰাতিপুৱাই ওলাই অহা নহয়,

১২