পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাল, হোৱাতকৈ নোহোৱাই ভাল’। সেয়ে চাওচোন কামত লাগি। বুইছে আইসকল ‘মন কৰিলেই চন, বাকৰি মাটিতে ধন’।”

 সকলোৱে কোনোবা এটা দিনত লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে উঠিল।

 ভোগৰাম তামুলী বৰ্তমান নামঘৰভাগৰ বৰমূৰীয়া হিচাপেই আছে। নামঘৰৰ ওচৰতে ঘৰ। ভাদ মাহৰ ওচৰ চাপিছে। তিথি কেইভাগৰ দান-বৰঙণিৰ আলোচনা কৰিবলৈ আজি নামঘৰৰ ৰাইজ গোট খাব। যোৱাবাৰ আকৌ কেইজনমান ওফাইদাং মানুহৰ কাৰণেই কথা-বাৰ্তাও আউল লাগিল। আজি সকলো মানুহ গোট খোৱাৰ পিছত কন্দৰ্প ভাগৱতীয়ে আৰম্ভ কৰিলে— “ৰাইজ, যোৱাবাৰ আলোচনা আধাতে সামৰিবলগীয়া হোৱা বাবে আমি দুখ পোৱাই নহয়, লাজো পাইছো। আজি মই হাতযোৰ কৰি নিবেদন কৰো, যাতে যোৱাবাৰৰ দৰে নহয়। বোলে ‘মূৰ্খে মূৰ্খে তৰ্ক কৰে বাঢ়ে মাথোঁ হাই; ভালে ভালে তৰ্ক কৰে নিৰ্ণয় ওলায়’।”

 তেনেতে সৰুকণক আহি থকা দেখি নগেনে ক’লে— “খুৰা, সৌটো সৰুকণ আহিছেই।” সৰুকণে মাত লগালে— “তেন্তে কি আজি নামঘৰত আটাইমখা মূৰ্খহে আছো নেকি?”

 মুৰুলীয়ে ক'লে— “কিয় তেনেকৈ কৈছ? খুৰাই এটা দৃষ্টান্তহে দিছে। বুজিছ, ‘পৰিলেই কাঁহীখন বাজে, মাতিলেই দ্বন্দ্বখন লাগে’। এখন কাণেৰে শুনিবি, এখন কাণেৰে উলিয়াবি। যোৱাবাৰৰ কথা মনত পেলাচোন, পাহৰি নাযাবি। ‘ৰৌ-বৰালি জপিয়াই সাৰিব, পুঠি-খলিহণাহে জালত পৰিব’।”

 “এৰা।”— বুঢ়াসকলেও কথাটো হয়-ভৰ দিলে।

 আলোচনা শেষ হোৱাৰ পাছত সকলো ঘৰাঘৰি গ’লগৈ। কেইগৰাকীমান গাভৰু বোৱাৰীৰ সাহতে দুগৰাকীমান আইতা বহি থাকিল। ধনেশ্বৰী বুঢ়ীয়ে সুধিলে— “মদনৰ মাক, ধনবৰ সোণোৱাল নাহিলচোন মেললৈ। যোৱাবাৰৰ কথাকে ধৰি আছে নেকি?”

 মদনৰ মাকে ক'লে— “হ’বও পাৰে। বোলে ‘গপত মৰিলে গজহস্তী, আঁজোৰত মৰিল ডোম, শ খাওঁতে শগুণ মৰিল, ফোঁপাই মৰিল গোম’। সেইজনে জানো নাও বুৰি তল পালেগৈও টিঙৰ পৰা নামে?’ খোজে-কাটলে, কথনে-মথনে মোৰ দেখোতেই মনে গোন্ধায়।”

 —“আইতা ‘দেখোতেই চিতল, পিঠিতহে কাইট’। এতিয়া কথা আৰু

২৫