পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাল হৈল উপস্থিত ঘৰে গৈলা পৰীক্ষিৎ
 নাৰায়ণ দেৱৰ ভাৰতি ॥ ১০

দিহা

 আজু বৰ প্ৰমাদ মিলিলা
 কদম্বৰ তলে কানাই দেখা দিলা
এহিমতে ঘৰে গৈলা অৰ্জ্জুনৰ নাতি ।
ব্ৰহ্মশাপ পাইলা যেন শুন তাৰ ৰীতি ॥ ১১
মতঙ্গ মুনিৰ বেটা শৃঙ্গদেব নাম ।
প্ৰজাপতি স্থানে বেদ পঢ়ে অবিশ্ৰাম ॥
ষাঠি সহস্ৰ বৰ্ষ বসে ব্ৰহ্মপুৰে ।
সিদিনা বিদায় হৈলা ব্ৰহ্মাৰ গোচৰে ॥ ১২
তাহাৰ বিদায়ে ব্ৰহ্মা হাসে মনে মনে ।
পৰীক্ষিৎ ব্ৰহ্মশাপ পাইবো আজি দিনে ॥
আসিয়া মিলিলা শৃঙ্গ সেই তপোবনে ।
যথাত মতঙ্গ মুনি বসি আছে ধ্যানে ॥ ১৩
দণ্ডবতে প্ৰণাম কৰিয়া কুতুহলে ।
ক্ষণেক দেখিলা বাপৰ মৰা সৰ্প গলে ॥
ভাঙা দণ্ড কমণ্ডলু দেখি বিড়ম্বন ।
মৰা সৰ্প গলে তুলি দিলা কোন জন ॥ ১৪
যক্ষাদি দেৱতা কিবা অসুৰ দেৱতা ।
মুনি বিড়ম্বিতে পাৰে কাহাৰ ক্ষমতা ॥