এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ন্যাসীৰ বেশধাৰী দণ্ডুকা কাননে হৰি
চুৰি কৰে দুৰ্জ্জয় ৰাবণ ।
শ্ৰীৰাম লক্ষণ ভাই সীতা শোকে দুঃখ পাই
ভ্ৰমিলেক অনেক কানন ॥
কিষ্কিন্ধ্যাত থিত হৈয়া সুগ্ৰীবক লাগ পায়া
মিত্ৰ কৰে বানৰৰ সঙ্গে ।
বধিয়া প্ৰচণ্ড বালি চলি গৈলা লঙ্কাপুৰী
সমুদ্ৰ বান্ধিলা মহাৰঙ্গে ॥
তিনি মাহ যুদ্ধ কৰি মজাইলা লঙ্কাপুৰী
মহাৰজা ৰাবণ বিনাশ ।
উদ্ধাৰি জানকী নাৰী চলিয়া অযোধ্যাপুৰী
সুখী কৰে তেহো গৃহবাস ॥
হাজাৰ বৎসৰ দিন সুখে পালে প্ৰতিদিন
ৰাম-ৰাজ্যে দুখী কেহো নাই ।
নাৰায়ণ দেবে বোলে প্ৰভু ৰাম পদতলে
বিপ্ৰক জানকী নাথে গাই ॥
⸻