পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
পৰীক্ষিৎ বধ
 

দিহা

অগ বৰাই হেৰ মোৰ মন ব্যাকুল হৈলা।
ৰাধে বৰাই হেৰ মোৰ মন ব্যাকুল হৈলা বাধে॥
এই মতে যজ্ঞ আৰম্ভিলা পিতৃশোকে।
কান্দিয়া পদ্মাৰ আগে কহিলা তক্ষকে॥১৩৫
ধৌম ঋষি মুনি আৰু উতঙ্গ মুনি আনি।
সৰ্পশত্ৰু যজ্ঞ কৰে পিতৃবৈৰী জানি।
আছোক যজ্ঞৰ কায্য দেখিতে লাগে ভয়।
তোমাৰ চৰণ বিনে অন্য গতি নাই ॥১৩৬
এতেক শুনিয়া পদ্মা দুঃখ ভাবি মনে।
আস্তিক বুলিয়া পদ্মা কৰিলা স্মৰণে॥
শুনা পুত্ৰ সঙ্কট বৰ হইয়া আমাৰ।
নাথাকিলে তক্ষক কি হব সংসাৰ॥১৩৭
এতেক বলিয়া পদ্মা দুঃখ ভাবি মনে।
তক্ষক লইয়া গৈল বাসবৰ স্থানে।
পদ্মা বোলে ইন্দ্ৰ তুমি জগত পালক।
সঙ্কট সময় তুমি ৰাখহ তক্ষক॥১৩৮
পদ্মাৰ বচনে ইন্দ্ৰ অভয় বৰ দিয়া।
আপোনাৰ সিংহাসনে ৰাখিলা ঢাকিয়া॥

শুনা ইন্দ্ৰ মহাভাগ আমিতো তক্ষক নাগ
 ভয় পাই আইলো তযু ঠাই।